Home ৰাজ্যভুৱা আপত্তিৰে জনসাধাৰণক হাৰাশাস্তি… এনআৰচিৰ ৰাজ্যিক সমন্বয়কক স্মাৰক-পত্ৰ

ভুৱা আপত্তিৰে জনসাধাৰণক হাৰাশাস্তি… এনআৰচিৰ ৰাজ্যিক সমন্বয়কক স্মাৰক-পত্ৰ

by News Desk
A+A-
Reset
nrc

আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত শেহতীয়াকৈ আপত্তিৰ ক্ষেত্ৰত ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক দুষ্ট চক্ৰই যধে-মধে  এনআৰচিৰ আপত্তি দাখিল কৰি এনআৰচিৰ কামত বাধা দিয়াৰ লগতে সৰ্বসাধাৰণ ৰাইজক শাৰীৰিক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি মঙলবাৰে ৰাজ্যজুৰি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জিলা উপায়ুক্তৰ জৰিয়তে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলালৈ দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।

সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথ জিলাতো বিশ্বনাথ জিলা সমিতিয়ে আজি জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যিক সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰে। জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰ, সাধাৰণ সম্পাদক নাজিৰ আহমেদ, মুখ্য সাংগঠনিক সম্পাদক জমিল হকৰ স্বাক্ষৰিত দাবী সম্বলিত স্মাৰক-পত্ৰখন সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উপসভাপতি আব্দুল মোনাফ চৌধুৰী আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত প্ৰদান কৰা হয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0