newsnextone.com | বিহালীঃ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পাপুমপাৰেত দেৱাল খহি মৃত্যুক আকোৱালী লোৱা বিশ্বনাথ জিলাৰ বিহালীৰ মাদুৰালিৰ ৫ জন শ্ৰমিকৰ মৃতদেহ সোমবাৰে বিহালীলৈ আনি সহস্ৰাধিক লোকৰ উপস্থিতিত মাদুৰালিৰ ৰাজহুৱা শ্মশানত একেলগে ৫খন চিতাত ৫ জনকৈ শ্ৰমিকৰ শেষকৃত্য সম্পন্ন কৰা হয়৷
কিন্তু এই ৫ দৰিদ্ৰ পৰিয়ালৰ মুখ্য উপাৰ্জনকাৰী মানুহ কেইজনে নোহোৱা হোৱাত এতিয়া সতি-সন্ততি সহ পৰিয়াল সমূহে হাহাকাৰ কৰিব লগা হৈছে৷ কেনেদৰে জীৱন নিৰ্বাহ কৰিব এই ৫ পৰিয়ালে৷ তাৰেই চিন্তাত সময় পাৰ কৰিব লগা হৈছে৷