newsnextone.com | বিহালীঃ অৱশেষত ন্যায় লাভ কৰাৰ দিশে বিশ্বনাথ জিলাৰ ১নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ক্ষতিগ্ৰস্ত লোকসকল৷ দীৰ্ঘদিন ধৰি আন্দোলন কৰাৰ ফলত বিশ্বনাথ জিলাৰ চাৰিশৰীয়া পথ নিৰ্মাণত ক্ষতিগ্ৰস্ত লোকসকলে ন্যায় লাভ কৰিব বুলি খবৰ আহিছে৷ উত্তৰ অসমৰ আয়ুক্ত তথা চাৰিশৰীয়া পথ নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ আৰু সম্পত্তিৰ ক্ষতিগ্ৰস্তৰ অভিযোগ নিষ্পত্তিকাৰী বিষয়াই ২৮ মে’ত চূড়ান্ত ৰায়দান কৰে৷ ৰায়দান কৰি ক্ষতিগ্ৰস্ত লোকসকলক ন্যায় লাভ কৰাৰ কথা অৱগত কৰে৷
উল্লেখ্য যে, শোণিতপুৰ জিলা প্ৰশাসনে পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উপয়ুক্ত ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উত্থাপন হয়৷ জিৰাটৰ মূল্য নিৰ্ধাৰণ নকৰাকৈ বহু পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি পথ নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিৰ ভূমিৰ সামন্য মূল্য নিৰ্ধাৰণ কৰিছিল৷ প্ৰতিবিঘা মাটিত ৬০ হাজাৰ টকা পৰ্যন্ত নিৰ্ধাৰণ কৰাত ক্ষতিগ্ৰস্ত লোকসকলে হাহাকাৰ কৰিব লগা হৈছিল৷ ৰাইজে উত্থাপন কৰা অভিযোগ নিষ্পত্তি নকৰাকৈয়ে পথৰ কাম আৰম্ভ কৰিছিল৷ ক্ষতিগ্ৰস্ত লোকসকলে প্ৰশাসনক ক্ষতিপূৰণ দিবলৈ দাবী জনাইছিল যদিও অভিযোগ নিষ্পত্তি কৰিবলৈ অমান্তি হৈছিল৷ তেনে সময়তে ক্ষতিগ্ৰস্ত লোকসকলে সংগ্ৰামী নেতা বিবেক দাসৰ নেতৃত্বত ১নং ৰাষ্ট্ৰীয় ঘাইপথ ক্ষতিগ্ৰস্ত সুৰক্ষা ঐক্যমঞ্চ গঠন কৰে৷