দৰংঃ দৰঙৰ মংগলদৈৰ বোৱাৰী বিতুমনি হাজৰিকাক যোৱা তিনি ডিচেম্বৰত অতি নিৰ্মমভাৱে জ্বলাই হত্যা কৰাৰ প্ৰতিবাদত আজি দৰঙৰ দলগাঁৱৰ ৰাজপথত এক বৃহৎ সমদল উলিয়াই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে৷ দলগাঁৱৰ জীয়ৰী বিতুমনি হাজৰিকাক মংগলদৈৰ নাহৰবাৰীত থকা স্বামীগৃহৰ পৰিয়ালে বিতুমনিক জ্বলাই হত্যা কৰা অভিযোগ তুলি আজিৰ প্ৰতিবাদত কেইবা শতাধিক পুৰুষ মহিলাই দলগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদী সমদল উলিয়াই বোৱাৰী বিতুমনি হাজৰিকাক হত্যা কৰা স্বামী কিৰিতি বৰুৱাক অতিশীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তোলে৷
