গুৱাহাটীঃ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যতে আজি বিজেপিয়ে ক্ৰান্তি দিৱস পালন কৰে। গুৱাহাীৰ লগতে প্ৰায় প্ৰতিখন প্ৰধান ঠাইতে দলটোৱে জোৰ সমদল উলিয়াই ৪২ৰ শ্বহীদসকলক স্মৰণ কৰে।
NNO গোৰেশ্বৰঃ গোৰেশ্বৰত আজি ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদক স্মৰণ কৰে বিজেপিয়ে। ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ সহযোগত আজি সন্ধিয়া বাক্সা জিলাৰ গোৰেশ্বৰত এক জোৰ সমদল চহৰখনত উলিওৱা হয়। প্ৰায় পাঁচ শতাধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰা জোঁৰ সমদলত ভাৰত মাতা কী জয়, বন্দে মাতৰম, স্বাধীনতা সংগ্ৰামী অমৰ হওঁক, জাগিছিল দেশ, জাগিছে দেশ, আৰু হ’ব নিদিও উপনিৱেশ, যুৱক-যুৱতী আহিছোঁ ওলাই, দেশ মাতৃক সেৱা জনাই আদি শ্ল’গান দিয়ে।