খেৰণিঃ কংগ্ৰেছ দল এৰি বিজেপিলৈ অহা কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে এইবাৰ কথা নকয়৷ কথা নোকোৱাকৈ কাম কৰি হে পৰিচয় দিব৷ কংগ্ৰেছত থকাৰ কালৰ পৰাই পৰিষদখনৰ মুখ্য কাৰ্যবাহী পদত বহি থকা ৰংহাঙে পূৰ্বে কথা কৈ সময় পাৰ কৰিছিল যদিও এইবাৰ কথা নকৈ কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে৷
কংগ্ৰেছত থকা কালত ব্যাপক দুৰ্নীতিৰ সংঘটিত কৰা বুলি অভিযোগ থকা কাৰ্বি নেতাগৰাকীয়ে দ্বাদশ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত যোগদান কৰে৷ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি কাৰ্বি পৰিষদ নিজৰ দখললৈ অনাৰ লগতে তুলিৰাম ৰংহাঙে পুনৰ মুখ্য কাৰ্যবাহী পদটো লাভ কৰে৷