ডিফুঃ দ্বাদশ কাৰ্বি স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত বিজেপিৰ কৰ্মী সমৰ্থকসকলৰ মাজত আজি উল্লাসৰ বন্যা বয়৷ সমৰ্থকসকলে নৃত্য-গীত, আঁতচবাজীৰে আজি বিজেপিৰ পূৱ কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷  

ডোলে-ডগৰে বিজয়ী প্ৰৰ্থী ৰতন টেৰণকলৈ সমৰ্থকসকলে ডিফু চহৰত সমদল উলিয়াই নেতাগৰাক আদৰণি জনায়। কাৰ্যালয়টোত বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকৰ অস্বাভাৱিক ভিৰ পৰিলক্ষিত হয়৷ আজিৰ বিজয় উৎসৱত ১৮নং লুম্বাজঙৰ বিজয়ী  প্ৰাৰ্থী তথা পূৱ কাৰ্বি আংলং বিজেপিৰ সভাপতি ৰতন টেৰণ, ২০ আৰু ২১নং পৰিষদীয় সমষ্ঠিৰ বিজয়ী প্ৰাৰ্থী ক্ৰমে অমৰ তিচ' আৰু জগত চিং ইংতি, সাধাৰণ সম্পাদক অজিত দে, উপ সভাপতি ভৰত কুমাৰ তিমুং, বিজেপিৰ ভাৰতীয় জনতা মজদুৰ মৰ্চাৰ সভাপতি কৃষ্ণ ভট্টৰায় আৰু সকলো মণ্ডলৰ সভাপতি,  সম্পাদকসকল উপস্থিত থাকে৷

বিজয় উৎসৱৰ পূৰ্বে সমগ্ৰ দেশৰ লগত সংগতি ৰাখি বিজেপিৰ প্ৰতিষ্ঠাপক নেতা শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যু দিৱসটোক আজি বলিদান দিৱস হিচাপে পালন কৰে জিলা বিজেপিৰ সমৰ্থকসকলে৷ জিলা বিজেপিৰ শীৰ্ষ নেতাসকলে মূখাৰ্জীৰ প্ৰতিকৃতিত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি নিবেদন কৰাৰ পিছত প্ৰয়াত নেতাগৰাকীৰ মহান ত্যাগ আৰু বলিদানৰ ওপৰত আলোকপাত কৰে জিলা বিজেপিৰ সভাপতি আৰু সাধাৰণ সম্পাদকে৷

আনহাতে সদৰ চহৰ ডিফুৰ লগত সংলগ্ন পৰিষদীয় সমষ্টি ১৮নং লুম্বাজঙৰ বিজয়ী প্ৰাৰ্থী ৰূপে ৰতন টেৰণে প্ৰথমবাৰৰ বাবে বিজয়ৰ সকলো শ্ৰেয়খিনি ৰাইজলৈ উজাৰিলে ৰাইজৰ অফুৰন্ত সমৰ্থনৰ বাবেই তেও নিৰ্বাচিত হোৱা বুলি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে তেওঁৰ প্ৰথম দায়িত্ব হ'ব ডিফু আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ বাট-পথ নিৰ্মাণ কৰি ডিফু চহৰক আটকধুনীয়া কৰি তোলা৷ ইফালে জিলা বিজেপিৰ একাংশ শীৰ্ষ নেতা আৰু সমৰ্থকে ১৮নং লুম্বাজঙৰ জয়ী প্ৰাৰ্থী তথা সভাপতি জ্যেষ্ঠ নেতা ৰতন টেৰণক মুখ্য কাৰ্যবাহী সদস্য পদেৰে অলংকৃত কৰিবলৈ দাবী উত্থাপন কৰে।৷