আজাৰাঃ ১৯৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ বীৰ শ্বহীদসকলৰ সোঁৱৰণত সমগ্ৰ ৰাজ্যতে বুধবাৰে বিজেপিয়ে ক্ৰান্তি দিৱস পালন কৰে। প্ৰতিখন প্ৰধান ঠাইতে দলটোৱে জোৰ সমদল উলিয়াই ৪২ৰ শ্বহীদসকলক স্মৰণ কৰাৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিয়ে পলাশবাৰীৰ দখলা নিবাসী মুক্তি যুজাৰু প্ৰয়াত অনন্তৰাম ডেকাৰ সহধৰ্মিনী গিৰিবালা ডেকা তথা পৰিয়ালবৰ্গক সম্বৰ্ধনা জনায়৷
দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ ঠাকুৰীয়াৰ উপস্থিতিত প্ৰয়াত অনন্ত ৰাম ডেকাৰ স্মৃতিসৌধত মাল্যৰ্পন আৰু পুস্পাঞ্জলি প্ৰদান কৰে জিলা বিজেপিৰ কৰ্ম-কৰ্তাসকলে।