newsnextone.com | খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অহা ২৮ জুনত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ মহিলা সমাৰোহক লৈ ব্যপক প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে৷ 

তিনি পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং আৰু ডিমা হাছাওক লৈ যুটীয়াভাৱে অনুষ্ঠিত হ’বলগীয়া সমাৰোহৰ পৰিপ্ৰেক্ষিতত যুদ্ধকালীনভাৱে কোটি কোটি টকা ব্যয়ৰে সভাস্থলিৰ পেণ্ডেল, মঞ্চ, অস্থায়ী তোৰণ আদিৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিছে কাৰ্বি আংলং আৰু ডিমা হাছাও বিজেপিয়ে। 

ইফালে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিক কেন্দ্ৰ কৰি হেলিপেড, কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰো যো-জা চলাইছে তিনি পাৰ্বত্য জিলাৰ বিজেপিয়ে। 

পাৰ্বত্য বিজেপিয়ে জানিবলৈ দিয়া মতে, সমাৰোহত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে গড়কাপ্তানী মন্ত্ৰী ড০ হিমন্তবিশ্ব শর্মা, বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু ৰাজ্যৰ কেইবাগৰীও জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকিব৷ এই সমাৰোহখনত প্ৰায় অৰ্ধ লক্ষাধিক মহিলা আত্মসহায়ক গোটৰ কৰ্মীয়ে যোগদান কৰিব বুলি আশা কৰা হৈছে৷ 

উল্লেখ্য যে, কনকলতা আত্মসহায়ক আঁচনিৰ জৰিয়তে সেইদিনা একেলগে আত্মসহায়ক গোটবোৰক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। 

ইপিনে, আগন্তুক লোকসভা নিৰ্বাচনত অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত ৩নং লোকসভা সমষ্টিৰ পৰা কেনেকৈ বিজেপিয়ে সফলতা লাভ কৰিব তাকে লৈ সমাৰোহ অনুষ্ঠিতকৰণৰ মাজেৰে এতিয়াৰ পৰাই ৰণ কৌশল তৈয়াৰ কৰিছে বুলি পাহাৰীয়া জিলাকেইখনৰ একাংশ লোকে চৰ্চা চলোৱা পৰিলক্ষিত হৈছে।