নগাঁওঃ বঢ়মপুৰ সমষ্টিক মিত্ৰজোঁটৰ চৰকাৰে যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে। যাৰ ফলত উন্নয়ন স্থবিৰ হোৱা বুলি খোদ বঢ়মপুৰ সমষ্টি বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ উত্থাপন হৈছিল৷
বঢ়মপুৰ সমষ্টি উন্নয়নত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বিফল হোৱা হোৱা বুলি ব্যাপক অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে পত্নী ৰীতা গোঁহায়ে বঢ়মপুৰত আৰম্ভ কৰিছে বঢ়মপুৰৰ পৰা প্ৰফুল্ল মহন্ত হাটাও অভিযান৷ সমষ্টিটোত নগাঁও জিলা মহিলা মৰ্চাৰ মুখ্য উপদেষ্টা ৰীতা গোঁহাইৰ ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ গেৰুৱা দলৰ স্থিতি বঢ়মপুৰত মজবুত কৰাৰ বাবে ৰীতা গোঁহাইয়ে উঠিপৰি লগাত বিভিন্ন কথাৰ উদ্ৰেক হৈছে৷