নগাঁওঃ বঢ়মপুৰ সমষ্টিক মিত্ৰজোঁটৰ চৰকাৰে যিদৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল সেইদৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে মিত্ৰজোঁট চৰকাৰৰ বিৰুদ্ধে। যাৰ ফলত উন্নয়ন স্থবিৰ হোৱা বুলি খোদ বঢ়মপুৰ সমষ্টি বিধায়ক, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই অভিযোগ উত্থাপন হৈছিল৷

বঢ়মপুৰ সমষ্টি উন্নয়নত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তই বিফল হোৱা হোৱা বুলি ব্যাপক অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে পত্নী ৰীতা গোঁহায়ে বঢ়মপুৰত আৰম্ভ কৰিছে বঢ়মপুৰৰ পৰা প্ৰফুল্ল মহন্ত হাটাও অভিযান৷ সমষ্টিটোত নগাঁও জিলা মহিলা মৰ্চাৰ মুখ্য উপদেষ্টা ৰীতা গোঁহাইৰ ব্যাপক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ গেৰুৱা দলৰ স্থিতি বঢ়মপুৰত মজবুত কৰাৰ বাবে ৰীতা গোঁহাইয়ে উঠিপৰি লগাত বিভিন্ন কথাৰ উদ্ৰেক হৈছে৷

সমাগত পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি নগাঁও জিলাৰ ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হোৱাৰ লগতে শাসকীয় বিজেপি যেন বেছি তৎপৰ। নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন দলৰ কৰ্মীয়ে বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰাৰ পাছতে অগপৰ দুৰ্গ ৰূপে খ্যাত সমষ্টিটোত অগপৰ পূৰ্বৰ স্থিতিক লৈ তীব্ৰ আলোচনা চলিছে। পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি দেওবাৰে সমষ্টিটোৰ অন্তৰ্গত শগুণবাহী লাহেৰী এম ই স্কুলত অনুষ্ঠিত এখন সভাত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১২০ গৰাকী অগপ আৰু কংগ্ৰেছ দলৰ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত আনুষ্ঠানিক ভাৱে যোগদান কৰে। 

কঠিয়াতলি বিজেপিৰ শক্তি কেন্দ্ৰৰ সমন্বয়ক সোমেশ্বৰ ৰাজভৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি ৰূপে কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ পত্নী তথা নগাঁও জিলা মহিলা মৰ্চাৰ মুখ্য উপদেষ্টা ৰীতা গোঁহাই উপস্থিত থাকি অসম খনক কংগ্ৰেছ মুক্ত কৰি সকলোকে একেলগে উন্নয়নৰ কাম কৰি যাবলৈ আহ্বান জনায়। গোঁহায়ে লগতে কয় যে কংগ্ৰেছ চৰকাৰৰ আমোলত কঠিয়াতলী অঞ্চলটো উন্নয়নৰ নামত বঞ্চিত হোৱাৰ বাহিৰে আন একো নাপালে। যাৰ ফলত সমষ্টিটোৰ ৰাইজে যাতায়তকে ধৰি বিভিন্ন সমস্যাত আজি যান্ত্ৰণা ভোগ কৰি থাকিব লগা হৈছে।

সভাত বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি জয়ন্ত নাথ, উপ সভাপতি বাবুল বৰা, পুনি বসুমতাৰী, অ বিচি মৰ্চাৰ সভাপতি প্ৰাঞ্জল বৰা, নগাঁও জিলা মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা ময়ূৰী মহন্তকে ধৰি কেইবাগৰাকী দলীয় কৰ্মীয়ে নৱাগত সকলক উষ্ম আদৰণি জনোৱাৰ লগতে নিজা নিজা বক্তব্য আগবঢ়ায়৷