newsnextone.com | খেৰণিঃ একবিংশ শতিকতো দেশত অন্ত পৰা নাই অন্ধবিশ্বাসৰ। এগৰাকী পিতৃৰ ‘প্ৰাণবায়ু’ ঘুৰাই আনিবলৈ অসহায় পৰিয়ালে অন্ধবিশ্বাসৰ আশ্ৰয় লোৱা শেহতীয়া এক ঘটনাই খলকনি লগাইছে কাৰ্বি আংলঙত। মানুহৰ মৃত্যু হোৱাৰ পিছতোঁ এগৰাকী লোকক জীয়াই তুলিবলৈ অপ্ৰাণ চেষ্টা কৰা হৈছে।
এখন সমাজৰ মানুহে বিশ্বাস কৰিছে মানুহজন জীয়াই উঠিব। অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে প্ৰচাৰ চলাই অহাৰ সময়তে এগৰাকী বিজেপি নেতাক মৃত্যুৰ প্ৰায় ১৮ ঘণ্টাৰ পিছতোঁ জীয়াই তুলিবলৈ ব্যৰ্থ চেষ্টা কৰাৰ ঘটনাই সকলোকে আঁচৰিত কৰিছে।