55
ডিফুঃ কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
ঘটনাৰ বিৱৰণী মতে, বকলীয়াঘাটৰ ৰূকাছেন কলেজৰ সমীপত এ এছ ০১ এডি ৭৫৬৭ নম্বৰৰ এখন তীব্ৰবেগী ৱেগনআৰ গাড়ীয়ে পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰে।