লখিমপুৰঃ ক্ষমতা লাভ আৰু জনসমৰ্থন আদায় কৰাৰ দাবীত একোটা ৰাজনৈতিক দলে সময়ে সময়ে ওলোটা খৰ মৰা দেখা যায়৷ ক্ষমতাত থকাৰ কালত জনবিৰোধী কাম-কাজ কৰিবলৈ দ্বিধাবোধ নকৰে ৰাজনৈতিক দলসমূহে৷ ক্ষমতাৰ ৰাগীত বলীয়ান হৈ ৰাইজক শত্ৰু জ্ঞান কৰিবলৈ ধৰে৷ ৰাইজৰ প্ৰতিবাদক আৰক্ষীৰ হতুৱাই দমনৰ চেষ্টা চলায়৷
তাৰ লগে লগে বিৰোধী ৰাজনৈতিক দলবোৰে তেতিয়া ৰাইজৰ সমৰ্থনত থিয় দি চৰকাৰৰ হঠকাৰী নীতিক সমালোচনা কৰে৷ তেনেই এক পৰিৱেশ বিৰাজ কৰিছে এতিয়া অসম মুলুকত৷ কংগ্ৰেছ দলে ৰাজ্য শাসন কৰিলে ১৫ বছৰ আৰু কেন্দ্ৰত শাসন কৰিলে ১০ বছৰ৷