কামপুৰঃ বিজেপি দলে আজি নগাঁৱৰ দক্ষিণপাটত এখন সভা অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে একেখন সভাতে আন দলৰ নেতা-কৰ্মীক বিজেপি দলত যোগদান কৰায়৷ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে আন দলৰ নেতা-কৰ্মীক আনি দল মজবুত কৰিব খোজা এই সভাত উপস্থিত আছিল স্বয়ং কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী তথা নগাঁৱৰ সাংসদ ৰাজেন গোঁহাই৷
আজি নগাঁৱৰ দক্ষিণপাটত বি জে পিৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাত সদৰ সমষ্টিৰ বিধায়ক পুঁজি বিতৰণৰ লগতে উজ্জলা আঁচনিৰ ৰন্ধন গেছ বিতৰণ কৰা হয়৷ দলটোৰ নেতা-কমীয়ে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীকো সম্বর্ধনা জনায়।