উৰিয়ামঘাটঃ পঞ্চায়ক নিৰ্বাচনলৈ মৈজত মাথো কেইটামান বাকী থকা অৱস্থাত ৰাজ্যৰ ৰাজনৈতিক দল সমূহে ভোটাৰক আকৰ্ষিত কৰিবলৈ উঠিপৰি লাগিছে৷ প্ৰতিটো ৰাজনৈতিক দলে পুণৰ ৰাইজৰ ওচৰ চাপিছে৷ আকৌ আৰম্ভ কৰিব প্ৰতিশ্ৰুতি দিয়াৰ আখৰা৷
শাসকীয় বিজেপি, অগপ আৰু বিৰোধি কংগ্ৰেছ কোনেও পিছ পৰি থকা নাই৷ তাকৰ লগে লগে পিছ পৰি থকা নাই ৰৈজৈতিক দল সমূহৰ ভাতৃ সংগঠন সমূহেও৷ শনিবাৰে শাসকীয় বিজেপিৰ ভাতৃ সংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাৰ সৰুপথাৰ মণ্ডল সমিতিৰ উদ্যোগত সৰুপথাৰত ৰাজহুৱা ভৱনত এখন “বুথ সন্মিলন” অনুষ্ঠিত হৈ যায়।