খেৰণিঃ পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ পৰিষদীয় ৮নং হামৰেণ সমষ্টিৰ অন্তৰ্গত জেংখাত আজি দুৰ্গম পাহাৰীয়া পৰিষদীয় হামৰেণ সমষ্টিত বিভিন্ন প্ৰকাৰৰ খচৰা ৰূপায়ণৰ লক্ষ্যৰে এখন জৰুৰী সভা সম্পন্ন হৈ যায়৷
ডংকামোকাম চহৰত অৱস্থিত ৰংখাং উন্নয়ণ খণ্ডৰ অধীনত থকা উল্লেখিত পৰিষদীয় সমষ্টিটোত উক্ত উন্নয়ণ খণ্ডৰ যোগেদি প্ৰধানমন্ত্ৰী আৱাস যোজঁনা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ণৰ অধীনত প্ৰদান কৰা আচঁনিসমুহ কি দৰে আৰু কোনবোৰ অঞ্চলয়ত ৰূপায়ণ কৰাৰ বাৰুকৈ প্ৰয়োজন সেই সন্দৰ্ভত সবিস্তাৰে আলোচনা আৰু বিশ্লেষণ কৰা হয়৷