নলবাৰীঃ আজি নলবাৰীৰ চটাইবাৰীত যুৱ নেতা মৃদুল কলিতাৰ সভাপতিত্বত এখন বিজেপিৰ সভা অনুষ্ঠিত হয়। যুৱ নেতা চন্দন ডেকা আৰু ডিম্বেশ্বৰ বেজবৰুৱাই আঁত ধৰা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা, নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, কেইবাজনো নেতা-নেত্ৰী সহ সহস্ৰাধিক দলীয় কৰ্মী উপস্থিত থাকে।
সভাত বিধায়ক অশোক কুমাৰ শৰ্মাই কয় যে- সম্প্ৰতি দেশ-ৰাজ্যত উন্নয়ন বিকাশৰ নৱ সপোন দেখি ভাৰতীয় জনতা পাৰ্টীৰ ফালে ধাৱমান হৈছে সচেতন ৰাইজ। এনে কথাই প্ৰমাণ কৰে দেশৰ নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ জনপ্ৰিয়তা। নলবাৰী সমষ্টিত আমিও বিধায়ক হোৱাৰ পিছৰ পৰাই সমষ্টিৰ প্ৰতিটো সমস্যাৰ সমাধানৰ চেষ্টা কৰিছো আৰু এই ক্ষেত্ৰত ৰাইজেও আমাক আদৰি লৈছে। আগন্তুক সময়টো চেষ্টা কৰি যাম উন্নয়ন বিকাশৰ বাবে বুলিও বিধায়ক শৰ্মাই দোহাৰে৷