Home ৰাজ্যভেলেউগুৰিত বিজেপিৰ সভা, কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

ভেলেউগুৰিত বিজেপিৰ সভা, কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

by News Desk
74 views
A+A-
Reset

চামগুৰিঃ চামগুৰি সমষ্টিৰ ভেলেউগুৰিত শনিবাৰে শাসকীয় বিজেপিৰ এখন সভা অনুষ্ঠিত হয়৷ বাজিয়া মণ্ডলৰ উদ্যোগত ভেলেউগুৰি নাট্য মন্দিৰত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াই ইংৰাজসকলে অসমৰ পৰা সকলো লুটি লৈ গ’ল যদিও কিছু  দি থৈ গ’ল কিন্ত কংগ্ৰেছ দলে বিগত পোন্ধৰ বছৰে ৰাইজৰ পৰা সকলো লুটি লৈ গ’ল, মাথোঁ দি থৈ গ’ল সূতা, কম্বল আৰু জৱকাৰ্ডৰ দৰে কেইটামান আঁচনি৷

জিলা সভাপতিগৰাকীয়ে আগন্তক পঞ্চায়ত নিৰ্বাচনত সৎ, নিকা, চৰিত্ৰবান, সমাজ-সচেতন ব্যক্তিক নিৰ্বাচিত কৰি তেনে যোগ্য ব্যক্তিক জয়ী কৰাবলৈ আহ্বান জনায়৷ বিজেপিৰ বাজিয়া মণ্ডলৰ সভাপতি বীৰেণ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচন কেন্দ্ৰীক সাধাৰণ সভাখনত কংগ্ৰেছ দলৰ পৰা ৰবীন্দ্ৰ শইকীয়া, সৰুনাথ দাধৰা, জান্তী বৰা, কিৰণ বৰা, ৰেণু বৰা, নিৰু বৰা, ৰেণু ফুকন, পৰশ বৰা, সৰুমাই বৰাকে প্ৰমুখ্যে কৰি কে’বাজনো কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ সভাত বিজেপি কলিয়াবৰ জিলা সমিতিৰ সম্পাদক প্ৰাণজিৎ বৰা, চাহ মজদুৰ সন্থাৰ ৰাজ্যিক সদস্য উৎপল সোণাৰ, ৰাজু চৱৰ, বিজেপি নেতা হাছান আলি, দেৱানন্দ বৰা, পুতুল ৰাজবংশী, জীৱন কৃষ্ণ নাথ, নিতুল মণি বৰা, পিংকী মিৰ্ধা, পিন্টু ডেকাকে প্ৰমুখ্যে কৰি কেইবাগৰাকীও বিজেপি নেতা-কৰ্মী উপস্থিত থাকে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0