ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানক কেৰেপ নকৰি পথতেই প্ৰস্ৰাৱ কৰিলে বিজেপিৰ মন্ত্ৰীয়ে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশ খনক পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে স্বচ্ছ ভাৰত অভিযান ৰূপায়ণ কৰি দেশৰ জনসাধৰণক স্বচ্ছ সজাগ কৰাৰ চেষ্টা চলাই৷ সেই সময়তে দেশৰ একাংশ লোকে কৰি অহা কিছু কামে হাঁহিৰ খোৰাক যোগায়৷ তেনে এক ঘটনা সংঘটিত হৈছে ৰাজস্থানত৷
ৰাজস্থানৰ স্বাস্থ্য মন্ত্ৰী কালীচৰণ চৰাফে পথৰ দাতিত মূত্ৰ বিসৰ্জন কৰি থকাৰ এখন ফটো দেশৰ সংবাদ মাধ্যমত স্থান লাভ কৰিছে৷ ফটোখন চৰ্চাৰ বিষয় হৈ পৰিছে৷ উল্লেখ্য যে, ৰাজস্থানৰ জয়পুৰ চহৰত নগৰ উন্নয়ন সমিতিয়ে স্বচ্ছ ভাৰত অভিযানৰ জৰিয়তে চহৰ খন পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিবৰ বাবে বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰি ৰাখিছে৷ নিৰ্দেশনা অনুসৰি কোনো লোকে নিয়ম ভংগ কৰিলে ২০০ টকা জৰিমনা ভৰিব লাগিব৷