ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ উন্নাৱৰ ধৰ্ষণ কাণ্ডৰ অভিযুক্ত বিজেপি বিধায়ক কুলদ্বীপ সিং চেগাৰক শুকুৰবাৰে গ্ৰেপ্তাৰৰ আদেশ দিয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ উচ্চ ন্যায়ালয়ে সোধ-পোছৰ বাবে আটক কৰাৰ কাৰ্যত অন্তুষ্টি প্ৰকাশ কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ পোষকতা কৰে৷ আনহাতে উচ্চ ন্যায়ালয়ে চৰকাৰক ২ মে’ৰ ভিতৰত ঘটনাৰ সবিশেষ তথ্য আদালতত দাখিল কৰাৰ নিৰ্দেশ দিয়ে৷
উচ্চ ন্যায়ালয়ে ঘটনাৰ বিৰুদ্ধে তদন্ত নকৰাত ক্ষোভ জাহিৰ কৰি আদালতে ৰাজ্যত আইন ব্যৱস্থাৰ পতন হোৱা বুলি চৰ্চা কৰিবলৈ বাধ্য হ’ব বুলি কয়৷ বৃহস্পতিবাৰে আদালতে শুনানি গ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰাৰ লগতে বিধায়ক কুলদ্বীপক গ্ৰেপ্তাৰ কৰিব নে নাই সেই সন্দৰ্ভত ৰায় দিয়াৰ কথা আছিল শুকুৰবাৰে৷