newsnextone.com | ডিজিটেল ডেস্কঃ এনআৰচিক লৈ দেশ উত্তাল হৈ থকাৰ সময়তে তেলেংগানাৰ এগৰাকী বিজেপি বিধায়কে তীব্ৰ বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে। দেশ আৰু সংসদ উত্তাল হৈ থকাৰ সময়েত ৰোহিংগীয়া আৰু বাংলাদেশীক গুলী কৰি হত্যা কৰা উচিত বুলি কয়।

তেলেংগানাৰ বিজেপি বিধায়ক ৰাজা সিঙে কয় যে ভাৰতত অবৈধ ভাৱে থকা ৰোহিংগীয়া আৰু বাংলাদেশীয়ে যদি সন্মানজনক ভাৱে ভাৰত নেৰে তেন্তে গুলী কৰি হত্যা কৰা উচিত। তাৰ পিছতহে আমাৰ দেশ নিৰাপদ হ'ব।

চৰকাৰে ইচ্চাছকৃ ভাৱে ৪০ লাখ ধৰ্মীয় সংখ্যালঘূ-ভাষীক সংখ্যালঘূক এনআৰচিৰ পৰা বাদ পেলাইছে বুলি দেশৰ বিৰোধী দলে অভিযোগ উত্থাপন কৰি সদন উত্তাল কৰাৰ সময়তে এই মন্তব্য প্ৰকাশ কৰে ৰাজাই।