ডিজিটেল ডেস্কঃ চিনেমা হ’ল জ্বলাই, ভাঙি চূৰমাৰ কৰি হলেও বন্ধ কৰক পদ্মাৱত চিনেমাৰ প্ৰদৰ্শন৷ এই আহ্বান কোনো কট্টৰপন্থী হিন্দু নেতাৰ নহয়৷ এই আহ্বান জনাইছে দেশৰ সংবিধানৰ শপত খাই ৰাইজৰ ভোট লৈ বিধায়ক হোৱা এগৰাকী বিধায়কে৷ এইবাৰ হায়দৰাবাদৰ বিজেপিৰ বিধায়ক ৰাজা সিঙে এই আহ্বান জনায়৷ পদ্মাৱত নামৰ ছবিখন যাতে কোনো কাৰণত প্ৰদৰ্শন কৰিব নোৱাৰে তাৰ বাবে সেই কথা নিশ্চিত কৰাৰ বাবে সকলোকে আহ্বান জনাই বিজেপিৰ বিধায়কগৰাকীয়ে৷
নিজৰ ফেচবুক পেজত ভিডিঅ’ লাইভ কৰি এই আহ্বান জনাই বিধায়কগৰাকীয়ে৷ তেও কয় ‘‘পদ্মাৱত বন্ধ কৰাৰ বাবে আমি যিমান খিনি পাৰি কৰিছো৷ আমি প্ৰতিবাদ কৰাৰ বাবেই ৰাজ্য চৰকাৰে ছবিখন বন্ধ কৰিছে৷ কিন্তু ৰ্দুভাগ্যজনক ভাৱে উচ্চ ন্যায়ালয়ে সকলো ওলোটাই দিলে৷’’ তেও আৰু কয়, নাম সলনি কৰিলেই ইতিহাস সলনি হৈ নাযায়৷ সঞ্জয় লীলা ভাঞ্চালীয়ে কেৱল ছবিখনৰ নাম সলনি কৰি দিছে৷ কিন্তু কাহিনী একেই আছে৷ যিমান দূৰ সম্ভৱ ছবি খনৰ বিৰুদ্ধে প্ৰতিবাদ কৰক৷