দৰংঃ এক অমানবীয় তথা অভাৱনীয় ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য৷ শংকৰ আজানৰ দেশত এতিয়া বৃদ্ধি পাবলৈ ধৰিছে নানা ধৰণৰ অসামাজিক
কাৰ্যকলাপ৷ অসমত বিজেপি নেতৃত্বতাধীন সোণোৱাল চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা অসমৰ জাতি-জনগোষ্ঠীৰ মিলনভুমি সাতামপুৰুষীয়া ঐক্য-সম্প্ৰীতি বিনষ্ট কৰি হিংসা-বিদ্বেষৰ জুই জ্বলোৱাৰ বাবে একাংশ সাম্প্ৰদায়িক মনোবৃত্তিৰ লোকে অহৰহ চেষ্টা চলাই আহিছে৷
সোমবাৰে বিশ্বনাথ চাৰিআলিৰ ছৌকত আলী পিতা আব্দুল ছালামে বিগত ৩০-৪০ বছৰৰপৰা বজাৰে বজাৰে হোটেল চলাই জীৱিকা নিৰ্বাহ কৰি আছিল। জানিব পৰা মতে পৰিকল্পিতভাৱে এই সহজ-সৰল মানুহজনৰ ওচৰত কিছুদিন আগতে একাংশ হিন্দুত্ববাদী সংগঠনৰ সদস্যই চান্দা বিচাৰি আহিছিল।