নলবাৰীঃ নলবাৰী জিলাৰ ক্ষুদ্ৰ কটলাবৰকুছিৰ দূৰ্গা পূজা প্ৰাংগনত শাসকী বিজেপি দলে সোমবাৰে এখন জনজাগৰণ সভা অনুষ্ঠিত কৰে।
বিজেপি নেতা জয়ৰাম বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাংসদ ৰমেন ডেকা, বিধায়ক অশোক কুমাৰ শৰ্মা, বিজেপিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, অমল নাৰায়ণ পাটোৱাৰী, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, সাধাৰণ সম্পাদক নিতুল ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, বিজেপি নেতা বীৰেন ৰাজবংশী, প্ৰদীপ চৌধুৰী, শুক্লেশ্বৰ তালুকদাৰ, সৰ্বেশ্বৰ তালুকদাৰ, ভবেন দাস, কমলেশ্বৰ ৰাজবংশী উপস্থিত থাকে।