নগাঁওঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শাসকীয় দলৰ নেতা-পালিনেতাই মইমতালি কৰা সময়তে এইবাৰ নগাঁৱত খোদ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈ চলিছে গুণ্ডাৰাজ৷ স্কুল ইউনিফৰ্মৰ ঠিকা কুক্ষিগত কৰিবলৈ নগাঁও জিলাৰ বিজেপিৰ এজন পালিনেতাই দাদাগিৰি চলোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে৷
জানিব পৰা মতে, নিজকে শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বুলি দাবী কৰা জিলাখনৰ জুৰীয়াৰ জনৈক হবিবুৰ ৰহমান নামৰ বিজেপি নেতাজনে ছাত্ৰ-ছাত্ৰীৰ স্কুলীয়া ইউনিফৰ্ম যোগানৰ ঠিকা ল’বলৈ জুৰীয়া প্ৰাথমিক শিক্ষাখণ্ডৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক নিলম্বনৰ ভাবুকি দি চূড়ান্ত মইমতালি প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপন হৈছে৷