তেজপুৰঃ সংঘ পৰিয়ালৰ পিতামহস্বৰূপ নেতা ডঃ শ্যামা প্ৰসাদ মুখাৰ্জীৰ মৃত্যুৰ দিনতো ভাৰতীয় জনতা পাৰ্টীয়ে বলিদান দিৱস হিচাপে পালন কৰে। কেন্দ্ৰীয় চৰকাৰে তৃতীয় বছৰৰ বাবে মুখাৰ্জীৰ মৃত্যুতিথিটো পালন কৰে যদিও অসমত ২০১৬ বৰ্ষৰ পৰাহে বলিদান দিৱস ৰাজ্যিকভাৱে পালন কৰা হয়।
এই উপলক্ষে কালি পুৱা ১০ বজাত শোণিতপুৰ জিলাৰ কাৱৈমাৰীৰ অমিয় ভৱনত বিজেপিৰ বিহগুৰি ব্লক মণ্ডল সমিতিৰ উদ্যোগত ‘বলিদান দিৱস’ৰ কাৰ্যসূচী হাতত লোৱা হয়। উক্ত সভাত সভাপতিত্ব কৰে বিহগুৰি ব্লক সমিতিৰ স্হায়ী সভাপতি অতুল নাথে।