newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে৷ বিজেপিয়ে পিডিপিৰ সংগ এৰাৰ লগে লগে জম্মু-কাশ্মীৰ চৰকাৰৰ পতন ঘটে আৰু মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে ৰাজ্যপালক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে৷ কেন্দ্ৰীয় চৰকাৰে ৰমজান মাহৰ বাবে সন্ত্ৰাস বিৰোধী অভিযান বন্ধ ৰাখিছিল৷ পুনৰ ঈদৰ পিছতে চৰকাৰে এক পক্ষীয় যুদ্ধ বিৰতি উঠাই লয়৷ 

তাৰ মাজতে সাংবাদিক ‘দ্যা ৰাইজিং’ কাকতক সম্পাদক জ্যেষ্ঠ সাংবাদিক চুজাত বুখাৰী আৰু সেনা জোৱান ঔৰংজেৱৰ হত্যা কাণ্ডই কঁপাই গৈছিল কাশ্মীৰক৷ বিজেপি আৰু পিডিপিৰ মাজত ব্যৱধান বৃদ্ধি হৈছিল৷ এই দুই হত্যাকাণ্ডই মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছিল৷ ৰেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ব্যাপক প্ৰশ্ন উত্থাপন হৈছেল৷ দুয়োখন চৰাকৰ সম্পূৰ্ণ বিফল হৈছিল কাশ্মীৰক নিয়ন্ত্ৰণ কৰাত৷

তাৰ মাজতে অপহৰণৰ প্ৰায় ২৪ ঘণ্টাৰ অন্তত উদ্ধাৰ হৈছিল ভাৰতীয় সেনা জোৱান ঔৰংজেৱৰ মৃতদেহ৷ ঔৰংজেৱ নামৰ সেনা জোৱানজনক ১৪ জুনত ৰাজপথৰ পৰা অপহৰণ কৰি নিছল সন্ত্ৰাসবাদীয়ে৷ কাশ্মীৰৰ পুলৱমাৰ পুৰণা মোগল পথৰ সেনা জোৱানজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল৷ অপহৰণ কাণ্ড সংঘটিত হোৱা ঠাইৰ পৰা কেইবা কিঃ মিঃ নিলগত জোৱান জনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়৷

জোৱানজনৰ ঘৰ কাশ্মীৰৰ পুঞ্জত আছিল আৰু পুলৱমা সেনা শিবিৰত কৰ্মৰত আছিল৷ বুধবাৰে কৰ্তব্য সামৰি নিজৰ গাড়ীৰে পুঞ্জলৈ আহি আছিল৷ সেই সময়ত পুৰণা মোগল পথৰ পৰা গাড়ী ৰখাই অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে৷

আনহাতে, ১৪ জনত জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বলি হয় সাংবাদিক৷ কাকতৰ সম্পাদকক ভয়াবহ আক্ৰমণ কৰাত হস্পিতালত মৃত্যু হয় সাংবাদিকগৰাকীৰ৷ শ্ৰীনগৰৰ প্ৰেছ কলনিত স্থানীয় ৰাইজিং কাশ্মীৰ কাকতৰ সম্পাদক চুজাত বুখাৰীক গুলীয়াই নিৰ্বিঘ্নে আতৰি যায় সন্ত্ৰাসবাদী৷ ততাতৈয়াকৈ হস্পিতালত নিয়া যদিও চিকিৎসকে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল৷

এই দুই হত্যাকাণ্ডৰ বাবেই সুৰক্ষা দিয়াত ব্যৰ্থ হোৱা দুয়ো দলে চৰকাৰৰ পৰা ছত্ৰভংগ দিয়ে৷ আনহাতে বিজেপিয়ে কাশ্মীৰত বাক স্বাধীনতা নোহোৱা বুলি অভিযোগ উত্থাপন কৰে৷ চুজাত বুখাৰী হত্যাকাণ্ডই ইয়াৰ প্ৰমাণ বুলি কয় বিজেপি নেতা ৰাম মাধৱে৷

স্মৰ্তব্য যে, মঙলবাৰে জম্মু কাশ্মীৰৰ ৰাজ্যপালক কাশ্মীৰ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰা বুলি পত্ৰ প্ৰেৰণ কৰে বিজেপিয়ে৷ ফলত ৫ ঘণ্টাৰ ভিতৰত মেহবুবা মুফটি চৰকাৰৰ পতন ঘটে৷ 

বিজেপিৰ প্ৰৱক্তা ৰাম মাধৱে দিল্লীত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা প্ৰকাশ কৰে৷ ২০১৫ চনৰ ১৯ জানুৱাৰীত গঠন কৰা বিজেপি আৰু পিডিপিৰ চৰকাৰৰ তিনি বছৰ সম্পূৰ্ণ হবলৈ ওলোৱাৰ সময়তে বিজেপিয়ে পিডিপিৰ সংগ এৰে৷

কাশ্নীৰৰ সন্ত্ৰাসবাদীৰ সৈতে যুদ্ধ বিৰতিক লৈ বিজেপি আৰু পিডিপিৰ মাজত মতভেদ বৃদ্ধি হৈছিল৷ বিজেপিৰ জম্মু কাশ্মীৰৰ নেতা আৰু মন্ত্ৰীসকলক দিল্লীত উপস্থিত হ’বলৈ কয় মঙলবাৰে৷ দিল্লীত উপস্থিত হোৱাৰ পিছত ৰাম মাধৱে সংবাদমেল অনুষ্ঠিত কৰি দুয়ো দলৰ চৰকাৰ আৰু চলিব নোৱাৰে বুলি কৈ মিত্ৰ জোঁট ভংগ কৰাৰ ঘোষণা কৰে৷ অহা ২৩ জুনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ জম্মু-কাশ্মীৰ ভ্ৰমণ কৰিব৷ তাৰ পূৰ্বেই চৰকাৰৰ পতন ঘটে৷

বিজেপি আৰু পিডিপিয়ে বাৰে বাৰে চৰকাৰ ৰক্ষাৰ বাবে আলোচনাত মিলিত হৈছিল যদিও আলোচনাত কোনো কোনো পথ নোলাল৷ জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী   মুফতিয়ে বিচাৰিছিল চৰকাৰে এক পক্ষীয় যুদ্ধবিৰতিৰ সময় বৃদ্ধি কৰাৰ দাবী জনাইছিল৷