জাজৰিঃ আগন্তক পঞ্চায়তৰ বাবে সাজু হৈছে গেৰুৱা দলটো৷ ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই গেৰুৱা দলটো ৰাজ্যৰ চুকে কোণে প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে৷ বৃহস্পতিবাৰে নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিতো বিজেপি দলটোৰ তৃণমুল কৰ্মী সকলে এখন সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি চলায়৷
শান্তিপুৰ ৰাসমন্দিৰ প্ৰাংগনত কলিয়াবৰ জিলা বিজেপিৰ মজদুৰ মৰ্চাৰ নৱ নিৰ্বাচিত কলিয়াবৰ জিলাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰা হয়৷ সভাত তৃণমূল কৰ্মীসকলক ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ, প্ৰচাৰ আৰু প্ৰসাৰ কৰি পৰবৰ্তী সময়ত দুৰ্নীতিমূক্ত দেশ গঢ়াত সহায় কৰিবলৈ আহ্বান জনায় কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু ৰাজ্যিক বিজেপিৰ মজদুৰ মৰ্চাৰ সভাপতি প্ৰাণ কুমাৰ দাসে।