ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰে সমগ্ৰ ৰাজ্য খনতে এক অস্থিৰ বাতাৰণৰ সৃষ্টি কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছে৷ মানিক চৰকাৰে কয় যে বিজেপি দলে খুব সতৰ্কতাৰে আই পি এফ টিক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কমিউনিষ্ট চৰকাৰখনৰ বিৰোধিতা কৰিছে৷
আগৰতলাৰ এখন জনসভাত ভাষণ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী তথা চি পি আই এমৰ পলিটব্যুৰৰ সদস্য মানিক চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশত যিসকলে ভেদাভেদৰ ৰাজনীতি কৰিছে তেওঁলোকেই ত্ৰিপুৰাতো অস্থিৰতাৰ সৃষ্টি কৰি আহিছে৷ তেওঁলোকেই আই পি এফ টিক পৃথক ৰাজ্যৰ দাবীৰ হকে উচটনি দি দিল্লীলৈ নিছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে তেওঁলোকৰ দাবী অপ্ৰাসংগিক নহয় বুলি উচটনি দিছিল৷