ত্ৰিপুৰাঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰে সমগ্ৰ ৰাজ্য খনতে এক অস্থিৰ বাতাৰণৰ সৃষ্টি কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছে৷ মানিক চৰকাৰে কয় যে বিজেপি দলে খুব সতৰ্কতাৰে আই পি এফ টিক প্ৰধান অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি কমিউনিষ্ট চৰকাৰখনৰ বিৰোধিতা কৰিছে৷

আগৰতলাৰ এখন জনসভাত ভাষণ দিয়াৰ সময়ত মুখ্যমন্ত্ৰী তথা চি পি আই এমৰ পলিটব্যুৰৰ সদস্য মানিক চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে৷ মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশত যিসকলে ভেদাভেদৰ ৰাজনীতি কৰিছে তেওঁলোকেই ত্ৰিপুৰাতো অস্থিৰতাৰ সৃষ্টি কৰি আহিছে৷ তেওঁলোকেই আই পি এফ টিক পৃথক ৰাজ্যৰ দাবীৰ হকে উচটনি দি দিল্লীলৈ নিছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে তেওঁলোকৰ দাবী অপ্ৰাসংগিক নহয় বুলি উচটনি দিছিল৷

মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে যিসকলে অস্তিত্বৰ সংকটত পৰি এদিন স্বাধীন ত্ৰিপুৰাৰ দাবী তুলিছিল তেওঁলোকেই এতিয়া জন বিচ্ছিন্ন হৈ পৃথক ৰাজ্যৰ দাবী তুলিছে৷ সমগ্ৰ ৰাজ্যখনতে অগণতান্ত্ৰিক পৰিস্থিতিৰ সৃষ্টি কৰাত বিজেপি দলে হাত উজান দিছে৷ তেওঁ উল্লেখ কৰে যে ৰাজ্যৰ বামপন্থী চৰকাৰ খনৰ কাৰ্য্যকলাপ দৃষ্টান্ত হিচাপে সমগ্ৰ দেশতে চিহ্নিত হৈছে যিয়ে পুজিবাদৰ বাবে সমস্যা হিচাপে থিয় দিছে৷ সেয়েহে বিজেপি আৰু তেওঁলোকৰ সহযোগী সকলে বাওঁপন্থী চৰকাৰ খনৰ পতনৰ বাবে চেষ্টা চলাইছে৷