Home দেশ১০ বছৰত একুৰি পাঁচজন দাগী নেতাক গা-পা ধুৱাই বৰপীৰাত বহুৱালে বিজেপিয়ে…

১০ বছৰত একুৰি পাঁচজন দাগী নেতাক গা-পা ধুৱাই বৰপীৰাত বহুৱালে বিজেপিয়ে…

by News Desk
A+A-
Reset
washing-bjp

কথা দিছিল নিজেও নোখোৱাৰ আৰু আনকো খাবলৈ নিদিয়াৰ। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত প্ৰতিশ্ৰুতিৰে ভৰা এই শ্লোগান দিয়েই ক্ষমতালৈ আহিছিল নৰেন্দ্ৰ মোদী। কিন্তু বিগত ১০ বছৰত বাৰাম্বাৰ অভিযোগ উত্থাপন হৈছে যে মোদীয়ে যি প্ৰতিশ্ৰুতি তেওঁৰ প্ৰথমটো কাৰ্যকালৰ পূৰ্বে দিছিল, সেয়া তেওঁ পূৰণ কৰা নাই। প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ পদ্য মাতিলেও বাস্তৱত বাৰে বাৰে দুৰ্নীতিৰে সংগ দিছে, দুৰ্নীতিগ্ৰস্ত নেতা-পালিনেতাক বিজেপিৰ ‘ৱাশ্বিং মেছিন’ত ধুই নিকা কৰি আঁকোৱালি লৈছে।

শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ পালন কৰি এছবিআইয়ে প্ৰকাশ কৰা ইলেক্ট’ৰেল বণ্ডৰ তথ্যই পোহৰলৈ আনিছিল কিদৰে দেশত চান্দা লৈ ধান্দা প্ৰদানৰ সংস্কৃতি গঢ়ি তোলা হৈছে। ইডি-চিবিআই আদিৰ দৰে তদন্তকাৰী সংস্থাৰ সহায়ত ভীতিগ্ৰস্ত কৰি বৰ বৰ কোম্পানীৰ পৰা চান্দা সংগ্ৰহ কৰাৰ বহু বিস্ফোৰক তথ্যও শেহতীয়াকৈ চৰ্চিত হৈছে। প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিক শ’লঠেকত পেলোৱা এনে চৰ্চা আৰু বিস্ফোৰক অভিযোগৰ মাজতে এইবাৰ শাসকীয় দলটোৰ ভিতৰত উত্তেজনা বৃদ্ধি কৰিছে ৰাষ্ট্ৰীয় সংবাদ সংস্থা ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদনে।

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0