খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলংত ফুলিব ধৰিছে পদুম৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদ বিজেপিয়ে দখল কৰাৰ পাছত দলটোৱে শিপাইছে সমবায় সমিতিলৈ৷ পশ্চিম কাৰ্বি আংলং তথা ডংকামোকামৰ ঘেলানীস্থিত ৰংখাং বহুমুখী সমবায় সমিতিৰ মঙলবাৰে নিৰ্বাচন অনুষ্ঠিত হৈ যায়৷
১৫ জনীয়া সদস্যৰে গঠিত সমবায় সমিতি খনৰ অনুষ্ঠিত নিৰ্বাচনত ২২ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বণ্ডিতা কৰে৷ ইয়াৰে সংৰক্ষিত অনুসুচীত জাতি আৰু অনুসুচীত জনজাতি তিনিগৰাকীয়ে প্ৰতিদণ্ডীতা কৰাৰ লগতে সংৰক্ষিত মহিলাৰ সদস্যতো তিনিগৰাকীয়ে প্ৰতিদ্বণ্ডীতা কৰে৷ নিৰ্বানত থিয় দিয়া মুঠ ২২ গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১৫ গৰাকীয়েই হৈছে বিজেপি সমৰ্থিত প্ৰাৰ্থী৷