ইম্ফলঃ মণিপুৰৰ শেহতীয়া ৬০ টা সমষ্টিৰ বিধানসভা নিৰ্বাচনত ২১ খন আসন লাভ কৰা বিজেপিয়ে আস্থাভোটত জয়লাভ কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ বীৰেণ সিঙৰ নেতৃত্বত থকা বিজেপিয়ে মূঠ ৩৩ জন বিধায়কৰ সমৰ্থনেৰে বিধানসভাৰ মজিয়াত সংখ্যাগৰিষ্ঠতা সাব্যস্ত কৰিবলৈ সক্ষম হয়।ইয়াৰ বিপৰীতে কংগ্ৰেছ দলটো মাত্ৰ ২৭ খন আসনতে সীমাবদ্ধ থাকিবলগা হয়।
তাৎপৰ্যপুৰ্ণ যে মণিপুৰৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলোৱা বুলি বিদিত অসমৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত যোৱা সপ্তাহত তৃণমূলৰ কংগ্ৰেছৰ এজন বিধায়ক আৰু এজন স্বতন্ত্ৰ বিধায়ককে ধৰি মণিপুৰৰ বিজেপি বিধায়কসকলক লৈ গুৱাহাটীত এক বিশেষ বৈঠক আয়োজন কৰিছিল। তাৰ পিছতে আজি মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ নিৰ্দেশত আস্থাভোটযোগে নিজৰ শক্তিপ্ৰদৰ্শন কৰে গেৰুৱা দলটোৱে।