newsnextone.com | নলবাৰীৰঃ বিজেপি দলৰ নলবাৰীৰ চামতাত জিলা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হৈ যায়়। জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দীলিপ শইকীয়া, নলবাৰী জিলা তত্বাৱধায়ক প্ৰণৱ বৰুৱা সহ দলটোৰ জিলা সমিতিৰ বিষয়ববীয়া সকল  উপস্থিত থাকে৷ 

সভাত ৰাজ্যিক সাধাৰণ সম্পাদক দীলিপ শইকীয়াই আগন্তুক পঞ্চায়ত আৰু লোকসভালৈ এক সবল স্থিতি গ্ৰহণ কৰিবলৈ দলীয় নেতা-কৰ্মী সকলক আহ্বান জনায়। লগতে এতিয়াৰ পৰাই স্থানীয় ভিত্তিত ৰণকৌশল যুগুত কৰিবলৈও পৰামৰ্শ দিয়ে। 

প্ৰসংগ ক্ৰমে শইকীয়া কয় যে, কংগ্ৰেছ দিশহাৰা হৈ গৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ উন্নয়নমূলক কামৰ বিপৰীতে কংগ্ৰেছৰ কা লৰ দুৰ্নীতি আৰু কেলেংকাৰীৰ বাবে দলটোৱে জনতাৰ সমৰ্থন হেৰুৱাই পেলাইছে৷ যাৰ বাবে কংগ্ৰেছে একাংশ ভিত্তিহীন নেতাৰ দ্বাৰা সভা-সভতি কৰি ফটা ঢোলত ৰাগ তোলাৰ বিফল প্ৰয়াস কৰি থকা বুলিও তাচ্চিল্য কৰে দিলীপ শইকীয়াই৷ 

সভাখন পৰিচালনা কৰে জিলা বিজেপিৰ সাধাৰণ সম্পাদক নিতুল ডেকা আৰু পুলক কুমাৰ শৰ্মাই।