newsnextone.com | ডিজিটেল ডেস্কঃ পশ্চিম বংগত পুনৰ এগৰাকী বিজেপি কৰ্মীৰ হত্যা কৰাৰ ঘটনা পোহৰলৈ আহিছে৷ পশ্চিম বংগৰ মুৰ্শ্বিদাবাদত ৫৪ বছৰীয়া দলিত বিজেপি কৰ্মী ধৰ্মৰাজ হাজৰাক কোনো দুৰ্বৃত্তই হত্যা কৰে৷
মুৰ্শ্বিদাবাদত শক্তিপুৰ আৰক্ষী থানা এলেকাৰ তলদঙগা নামৰ এখন গাঁৱত উদ্ধাৰ হয় ধৰ্মৰাজ হাজৰাৰ মৃতদেহ৷ বিজেপি কৰ্মীজনৰ হাত পঘাৰে বান্ধি থোৱা আছিল৷ অনিমান কৰা মতে হত্যাৰ পিছত পুখুৰীত পেলাই দিছিল হাজৰাক৷ বিজেপিয়ে এই হত্যাকাণ্ড তৃণমূল কংগ্ৰেছে সংঘটিত কৰা বুলি কয়৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ গুণ্ডাবাহিনীয়ে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে৷