উত্তৰ শালমাৰাঃ ২০০৮ চনৰ ৮ আগষ্ট ৷ সময় দুপৰীয়া ১২ বাজি ১০ মিনিট ৷ পূৰ্ণোদ্যমে চলি আছিল অভয়াপুৰীৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰস্বৰূপ অভয়াপুৰী মহাবিদ্যালয়ৰ পাঠদান ৷ হঠাৎ ৩০-৩৫ খন মটৰ চাইকেলত প্ৰায় ৬০-৭০জন দুৰ্বৃত্ত আহি অতৰ্কিতে আক্ৰমণ চলায় মহাবিদ্যালয়খনত৷ এফালৰ পৰা ভাঙি যায় মহাবিদ্যালয়ৰ আচবাব তথা দুৱাৰ খিৰিকী ৷ মুহূৰ্ততে এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় মহাবিদ্যালয়খনত৷
আকস্মিক ঘটনাত আতংকিত হৈ ছাত্ৰ-ছাত্ৰীসকলে যেনিয়ে-তেনিয়ে পলাবলৈ ধৰে ৷ দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণক বাধা দিবলৈ গৈ গুৰুতৰভাৱে আহত হয় সেই সময়ৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক জিতুমণি ৰায় ৷ আহত হয় আন কেবাজনো ছাত্ৰ ৷ কেৱল আচবাব ভঙাতে শান্ত নাথাকি দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰী জিৰণী কোঠাত প্ৰৱেশ কৰি ছাত্ৰীৰ গাতো হাত দিয়ে৷ এই ঘটনাৰ পিছত প্ৰায় এমাহ অচলাৱস্থা চলিছিল মহাবিদ্যালয়খনত৷