সোণাৰিঃ চৰাইদেউ জিলাৰ এটি কোম্পানীত বিস্ফোৰণ সংঘটিত হৈ এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে জিলাখনত৷

জানিব পৰা মতে, চৰাইদেউ জিলাৰ লাকুৱাৰ বিতৰ্কিত মেঘা ইঞ্জিনিয়াৰিং কোম্পানীত আন দিনাৰ দৰে বুধবাৰে পুৱাৰে পৰা শ্ৰমিকসকল কামলৈ আহে৷ তেনে সময়তে কোম্পানীৰ বোমা বিস্ফোৰণ সদৃশ কাণ তাল মৰা শব্দ ওলাই৷ তাৰ পিছতেই কোম্পানীটোত হুৱা-দুৱা লাগে৷

কিছু সময় পিছতে শ্ৰমিকসকলে অৱগত হয় কোম্পানীৰ ভিতৰত ৰখাই থোৱা এখন টেংকাৰ বিস্ফোৰণ হোৱাৰ কথা৷ একাংশ লোকে টেংকাৰৰ সমীপত এগৰাকী লোক পৰি থকা প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও তেওৰ মৃত্যু হয়৷ শ্ৰমিক জন প্ৰশান্ত চেতিয়া বুলি জানিব পৰা গৈছে৷ আনহাতে, কেইগৰাকী মান লোক আহত হয়৷