ৰঙিয়াঃ কেন্দ্ৰীয় চৰকাৰে অসমক কৰা বঞ্চনা আৰু ৰাজ্য চৰকাৰে উন্নয়নৰ নামত নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰূপায়ণ নকৰাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াটো সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
কামৰূপ জিলা ছাত্ৰ সন্থাৰ লগতে ৰঙিয়া মহকুমা ছাত্ৰ সন্থা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়াৰ লগতে ৰঙিয়াৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷ ৰাজ্যৰ শাসনত থকা চৰকাৰখনে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি সমূহ ৰক্ষা কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে।