newsnextone.com | বোকাজানঃ ৰাজ্যত আজিও সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ৷ এই অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অসম আৰক্ষীয়ে অভিযান চলাই এখন চুৰি বলে’ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ 

যোৰাবাটৰ পৰা চুৰি হোৱা বলে’ৰ গাড়ীখন কাৰ্বি আংলঙৰ বৰপথাৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। এএছ ০১-এটি-০৪৫৫ নম্বৰৰ বলেৰখন যোৰাবাটৰ দীনেশ পাণ্ডেৰ পৰা চুৰি কৰি নিছিল। দুই যুৱকে চুৰি কৰি ডিমাপুৰত বিক্ৰীৰ বাবে নি থকা অৱস্থাত কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে গাড়ীখন। 

আৰক্ষীয়ে গাড়ীখন উদ্ধাৰ কৰে যদিও কোনো লোকক আটক কৰিবলৈ সক্ষম হয় নহ’ল। আৰক্ষীয়ে চোৰক দুটাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে। বৰপথাৰ আৰক্ষীয়ে নিয়মীয়া তালাচীত গাড়ীখন ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি ডিমাপুৰ দিশে তীব্ৰ বেগত পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে পিছে পিছে খেদি যায়৷ যাৰবাবে ৰঙাগড়া অঞ্চলত গাড়ীখন মাজ ৰাস্তাত এৰি চোৰে পলায়ন কৰে। বৰ্তমানো গাড়ীচোৰৰ সন্ধানত অব্যাহত আছে বৰপথাৰ আৰক্ষীৰ অভিযান৷

উল্লেখ্য যে, কাৰ্বি আংলঙৰে মাজেৰে নিতৌ চুৰি গাড়ী ডিমাপুৰলৈ নিয়ে এটি বৃহৎ গাড়ী চুৰি চক্ৰই৷ ইতিমধ্যে চলিত বছৰত প্ৰায় অৰ্ধশতাধিক গাড়ী উদ্ধাৰ কৰিবলৈ সক্ষম হয় কাৰ্বি আংলং আৰক্ষীয়ে৷