60
newsnextone.com | বোকাজানঃ ৰাজ্যত আজিও সক্ৰিয় হৈ আছে গাড়ী চুৰি চক্ৰ৷ এই অভিযোগ উত্থাপন হৈ থকাৰ সময়তে অসম আৰক্ষীয়ে অভিযান চলাই এখন চুৰি বলে’ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
যোৰাবাটৰ পৰা চুৰি হোৱা বলে’ৰ গাড়ীখন কাৰ্বি আংলঙৰ বৰপথাৰত উদ্ধাৰ কৰে আৰক্ষীয়ে। এএছ ০১-এটি-০৪৫৫ নম্বৰৰ বলেৰখন যোৰাবাটৰ দীনেশ পাণ্ডেৰ পৰা চুৰি কৰি নিছিল। দুই যুৱকে চুৰি কৰি ডিমাপুৰত বিক্ৰীৰ বাবে নি থকা অৱস্থাত কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে গাড়ীখন।