কোকৰাঝাৰঃ ‘ৰক্ত দান মহৎ দান! ৰক্ত দান জীৱন দান!’ এই মহৎ বাণীক সাৰোগত কৰি আনৰ জীৱন ৰক্ষা কৰা তথা জনকল্যাণ সাধনৰ উদ্দশ্যে এখন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে কৰিলে ৰক্ত দান৷ ছাত্ৰ-ছাত্ৰীয়ে ৰক্ত দান শিবিৰ আয়োজন কৰি ৰক্ত দান কৰিলে ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।
কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ফকিৰাগ্ৰাম অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা চমুকৈ এন এছ এছ আৰু স্থানীয় বেচৰকাৰী সংস্থা “ৰেড ৰিব্বন ক্লাৱ”ৰ যৌথ উদ্যোগত আৰু মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সহযোগত শনিবাৰে অনুষ্ঠিত হোৱা স্বেচ্ছামুলক ৰক্ত দান শিৱিৰত ছাত্ৰ-ছাত্ৰী সকলে ৰক্ত দান কৰে।