ষড়ানন বৰা, চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদামৰ একমাত্ৰ উচ্চশিক্ষাৰ অনুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত দেওবাৰে এক ৰক্তদান শিবিৰ আৰু এখন স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়।

পুৰণিগুদামৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন সৃষ্টি আৰু নগাঁও গোহাঁই নাছিং হোমৰ সৌজ্যনত ড° বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগ আৰু এন.এছ.এছৰ উদ্যোগত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত প্ৰায় ৩০ গৰাকী লোকে ৰক্তদান কৰে।

ৰক্তদান অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰে মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক গিৰিন্দ্ৰ কুমাৰ বৰুৱাই। ইয়াৰ পাছতেই মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৃপেন চন্দ্ৰ দাসৰ সভাপতিত্বত এক স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ অধ্যাপক বিশাল শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে চিকিৎসক ডা নৱকৃষ্ণ গোহাঁই, ডা মুকুট দেৱনাথ আৰু ডা মিৰাজুল হাজৰিকা উপস্থিত থকাৰ লগতে মহাবিদ্যালয়ৰ উপাধ্যক্ষ বিপুল চক্ৰৱতী, অধ্যাপক-অধ্যাপিকা ক্ৰমে বিজু বৰা, অনুৰূপা বৰা, মল্লিকা বৰা, ড° কমল শইকীয়া, ড° আছাদ্দুছ জামান, ড° যতীন শৰ্মা, সীমা শোভিতা দাসৰ উপৰিও কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা আৰু সৃষ্টিৰ প্ৰতিষ্ঠাপক ক্ৰমে ডা: ৰাজদ্বীপ বৰা, সত্যেন্দ্ৰ হাজৰিকা, ৰূপম বৰা আৰু সুমন বৰগোহাঁই উপস্থিত থাকে।

উক্ত সভাত উপস্থিত চিকিৎসক সকলে স্বাস্থ্য সজাগতামূলক গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰীসকলৰ মাজত নেপকিন বিতৰণ কৰে।