নগাঁও টাউনঃ বিশ্বব্যপী মাৰাত্মক ৰূপ ধাৰণ কৰা ব্লু-হোৱেল গেমটো ইতিমধ্যে অসমতো শিপাইছে৷ ব্লু-হোৱেল নামৰ এই মাৰাত্মক গেমটোৰ অপকাৰীতাৰ সম্পৰ্কে আজি নগাঁও জিলাৰ উপায়ুক্তৰ সভাকক্ষত এক বৈঠক অনুষ্ঠিত কৰা হয়।
বৈঠকখনত সভাপতিত্ব কৰে নগাঁও জিলাৰ উপায়ুক্ত চমচেৰ সিঙে। বৈঠকত উপায়ুক্ত চমচেৰ সিঙে কয় যে ব্লু-হোৱেল গেম এবিধ মাৰাত্মক গেম। এই গেম ইন্টাৰনেটৰ জৰিয়তে কম্পিউটাৰ বা ম’বাইলত খেলা হয় আৰু গেমৰ শেষত খেলুৱৈ গৰাকীক বেয়াকৈ মানসিক ভাৱে গ্ৰাস কৰাৰ লগতে ভয়ানক পৰিস্থিতিলৈ ঠেলি দিয়ে।