ঢেকীয়াজুলিঃ এক শোকাবহ দুৰ্ঘটনাই কঁপাই তুলিলে আজি শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ এখন চাহ বাগিছাক৷ চাহ বাগিচাৰ কলঘৰৰ আওপুৰনি মেচিনৰ যান্ত্ৰিক বিজুতিৰ ফলত বিস্ফোৰণ ঘটি শ্যামগুৰী চাহ বাগিচাত এজন কৰ্মচাৰীৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হোৱাকলৈ চাহ বাগিচা খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷
ঢেকীয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত লক্ষ্মী গ্ৰুপৰ শ্যামগুৰী চাহ বাগিচাৰ কৰ্তৃপক্ষৰ চৰম গাফলতিৰ বাবেই আজি পুৱাৰ ভাগত চাহ ফেক্টৰিৰ ভাপ ইঞ্জিনৰ যান্ত্ৰিক বিজুতি ঘটি ভয়ংকৰ বিস্ফোৰণ ঘটে৷ ফলত ইঞ্জিনৰ চালক কৰ্নজ্যোতি বৰগোঁহাই (৪৮) নামৰ এজন লোক নিহত হোৱাৰ লগতে আহত হৈছে ৬ গৰাকীকৈ চাহ শ্ৰমিক৷ শ্ৰমিক সকলে জনোৱা মতে ভাপ ইঞ্জিনটো বিগত এসপ্তাহ ধৰি একেৰাহে চলি আছিল৷