Home ৰাজ্যশতাধিক বিজেপি কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হ’ল বটদ্ৰৱা থানৰ ধৰ্মালোচনী সভা

শতাধিক বিজেপি কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত হ’ল বটদ্ৰৱা থানৰ ধৰ্মালোচনী সভা

by News Desk
A+A-
Reset
0a22954d-43b3-4374-b4f9-4ae9aa9c0585

newsnextone.com| নগাঁওঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ইতিহাস বিজড়িত ঐতিহাসিক শ্ৰীশ্ৰী বটদ্ৰৱা থান বৰ্তমান এটা বিশেষ ৰাজনৈতিক দলৰ ৰাজনীতিৰ পথাৰলৈ পৰ্যবেশীত হৈছে বুলি উঠা অভিযোগৰ সত্যতাৰ প্ৰতিছব্বি আজি পৰিলক্ষিত হ’ল বটদ্ৰৱা থানত অনুষ্ঠিত হোৱা শংকৰদেৱৰ জন্মজয়ন্তী উৎসৱত৷ কিয়নো, জন্মজয়ন্তী উপলক্ষে আয়োজিত ধৰ্মালোচনী সভাৰ মঞ্চত দেখা পোৱা নগ’ল এজনো বৈষ্ণৱ পণ্ডিত, গৱেষক, আলোচক তথা অতিথি সত্ৰাধিকাৰ৷ ইয়াৰ বিপৰীতে গুৰুজনাৰ ৫৭০ সংখ্যক জন্মজয়ন্তীৰ তৃতীয় দিনাৰ মূল কাৰ্যসূচী হিচাপে আয়োজিত ধৰ্মালোচনী সভাখন একপ্ৰকাৰে শাসকীয় দলটোৰ দলীয় কৰ্মীসভালৈহে পৰিবৰ্তিত হোৱা দেখা গ’ল৷ বটদ্ৰৱা থানৰ গুৰুজয়ন্তী উপলক্ষে পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত ধৰ্মালোচনী সভাত আজি মূখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস ৷ য’ত সমালোচনাৰ প্ৰতি লক্ষ্য ৰাখি ৰঞ্জিত দাসক সম্বোধণ কৰা দেখা গ’ল অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বুলিহে৷ 

আনহাতে, ধৰ্মালোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়িকা আঙুৰলতা ডেকা আৰু এটা ব্যক্তিগত টি ভি চেনেলৰ স্বত্তাধিকাৰ সঞ্জীৱ নাৰায়ণ৷ কিন্তু আজিৰ ধৰ্মালোচনী সভালৈ গৱেষক, পণ্ডিত, আলোচক আদি নিমন্ত্ৰণ কৰাৰ বিপৰীতে মন্ত্ৰী, বিধায়কক নিমন্ত্ৰন কৰাক লৈ হোৱা ব্যাপক সমালোচনাৰ পৰিপ্ৰেক্ষিতত সভা অনুপস্থিত থকা দেখা গ’ল মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো বিধায়কৰ লগতে কলাক্ষেত্ৰ সমাজৰ উপাধ্যক্ষ সূৰ্য হাজৰীকা, নগাঁও জিলা উপাযুক্ত বিশ্বজিৎ পেগু তথা আৰক্ষী অধীক্ষক শঙ্কৰব্ৰত ৰায় মেধি৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0