Home ৰাজ্যবাবুৰ হাট গৌৰাং নদীত পৰম্পৰা চূড়ান্ত নাওঁ খেলৰ বঁটা বিতৰণী সভা

বাবুৰ হাট গৌৰাং নদীত পৰম্পৰা চূড়ান্ত নাওঁ খেলৰ বঁটা বিতৰণী সভা

by News Desk
55 views
A+A-
Reset

newsnextone.com| ধুবুৰীঃ ধুবুৰী জিলাৰ নায়েৰ আলগা উন্নয়ন খণ্ডৰ বাবুৰ হাট গৌৰাং নদীত বিভিন্ন কাৰ্য্যসূচীৰে পৰম্পৰা নাওঁ খেলৰ কালি সন্ধিয়া সমাপ্ত হৈ যায়। কাৰ্য্যসূচী মতে ১৬ চেপ্তেম্বৰত প্ৰথম পৰ্য্যায় আৰূ ১৭ চেপ্টেম্বৰত চেমি ফাইনেল খেল অনুষ্ঠিত কৰাৰ উপৰিও ১৮ চেপ্টেম্বৰত ফাইনেল খেল অনুষ্ঠিত হয়। চাৰি খন নাওঁ যোগদান কৰা খেলৰ অন্তিম খেল প্ৰতিযোগিতাত গোৱালেৰ চৰৰ আমিৰ হুছাইন আৰু একে গাঁৱৰ ছৱেৰ আলীৰ নাওঁৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হোৱাত আমিৰ হুছেইনৰ নাওঁ প্ৰথম স্থান দখল কৰাৰ বিপৰীতে ছবেৰ আলীৰ নাওঁ দ্বিতীয় স্থান কৰিবলৈ সক্ষম হয়।

শেষত সন্ধিয়া গোৱালেৰ চৰৰ গৌৰাং নৈৰ পাৰত স্থানীয় সমাজ সেৱক আয়নাল হকৰ সভাপতিত্বত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে বিলাসীপাৰা চহৰৰ সমাজ কৰ্মী সুৰোজ জৈন, বিশিষ্ট অতিথি হিচাপে সমাজ কৰ্মী হুৰমুজ আলী, সাংবাদিক বেল্লাল হুছাইন, যুৱ নেতা মনোৱাৰ হুছাইন উপস্থিত থাকে। লগতে স্থানীয় বয়াতী কিছমত আলী উপস্থিত থাকি বঁটা বিতৰণী সভাৰ উদ্বোধনী গীত পৰিৱেশন কৰি সভায় উপস্থিত থকা নেতা কৰ্মী ৰাইজক আপ্লুত কৰে। উল্লেখযোগ্য যে উক্ত নাওঁ খেলৰ প্ৰথম পুৰস্কাৰ আগবঢ়োৱা হুৰমুজ আলী (সাজু) আৰু দ্বিতীয় পুৰস্কাৰ আগবঢ়োৱা সাংবাদিক বেল্লাল হুছাইনক উপস্থিত ৰাইজে ধন্যবাদ জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0