কোকৰাঝাৰঃ বিটিচি গঠন হোৱাৰ পিছত সমন্বয়ৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিএডি এলেকাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে শান্তি প্ৰতিষ্ঠা হৈছে আৰু এয়াই ডাঙৰ সফলতা। কোকৰাঝাৰত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কোকৰাঝৰত অনুষ্ঠিত হোৱা বডোলেণ্ড দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদুষণমুক্ত, দুৰ্নীতিমুক্ত আৰু সকলোৰে সম-উন্নয়নৰ বাবে চৰকাৰে কাম কৰি যাব বুলি উল্লেখ কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে কাম কৰি যাব বুলি মন্তব্য কৰে সোণোৱালে।
