কোকৰাঝাৰ/ওদালগুৰিঃ অৱশেষত গোৰ্খালেণ্ড আন্দোলনৰ প্ৰভাৱ অসমলৈও বিস্তাৰিত হ'ল। গোৰ্খালেণ্ডৰ প্ৰতি সমৰ্থন আগবঢ়াই তথা বডোলেণ্ডৰ দাবীৰ সমৰ্থনত আজি ৰাজ্যৰ জিলা সদৰ আৰু মহকুমা সদৰত এবছু, এনডিএফবি(প্ৰ) আৰু জইণ্ট একচন কমিটি ফৰ বডোলেণ্ড মুভমেণ্টৰ যৌথ উদ্যোগত আৰু আগছুৰ সহযোগিতাত জোৰ লৈ সমদল কাৰ্যসূচী ৰূপায়িত হয়।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজি কোকৰাঝাৰতো নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছু , এনডিএফবি (প্ৰ) , জইণ্ট একচন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট আৰু সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৱে যৌথভাৱে পৃথক বড়োলেণ্ড ৰাজ্য গঠনৰ দাবীত আৰু গোৰ্খালেণ্ড দাবীৰ সমৰ্থনত জোৰ লৈ সমদল উলিয়ায়৷ আজি সন্ধিয়া ৬ বজাত কোকৰাঝাৰস্থিত বডোফা শিশু উদ্যানৰ পৰা উল্লেখিত সংগঠন কেইটাৰ সহস্ৰাধিক নেতা, কৰ্মী- সদস্যই হাতে হাতে জোৰ লৈ সমদল উলিয়ায়৷
ন বডোলেণ্ড ন ৰেষ্ট,ন গোৰ্খালেণ্ড ন ৰেষ্ট আদি শ্লোগানেৰে চহৰৰ মুখ্য পথেদি ফ্লাই অভাৰ হৈ সমদলকাৰী সকলে প্ৰগতি ভৱনৰ সন্মুখত সমদলৰ অন্ত পেলায়৷ সমদলৰ অন্তত এবছুৰ কেন্দ্ৰীয় সহ: সাধাৰণ সম্পাদক খৌৰমদাও ওৱাৰীয়ে পৃথক গোৰ্খালেণ্ডৰ প্ৰতি সমৰ্থন আগবঢ়াই শীঘ্ৰে পৃথক বড়োলেণ্ড গঠন কৰিবলৈও দাবী উত্থাপন কৰে।
স্থৱিৰ হৈ থকা আলোচনা পুনৰ অনুষ্ঠিত কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰি খৌৰমদাও ওৱাৰীয়ে অনাগত সময়ছোৱাত পৃথক বড়োলেণ্ডৰ দাবীত আৰু গোৰ্খালেণ্ডকে ধৰি আন পৃথক ৰাজ্যৰ দাবীৰ প্ৰতি সমৰ্থন জনাই ৰাজ্যত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হব বুলি সদৰী কৰিছে। আনহাতে আগছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক ৰবি প্ৰধানে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে পৃথক গোৰ্খালেণ্ড গঠন কৰিবলৈ দাবী উত্থাপন কৰি অন্যাথাই বেলেগ পন্থা গ্ৰহন কৰা হ'ব বুলি সদৰী কৰিছে।
কোকৰাঝাৰত বড়োলেণ্ডৰ দাবীত আৰু গোৰ্খালেণ্ডৰ সমৰ্থনত জোৰ লৈ বাহিৰ হোৱা সমদলত ইউপিপিএলৰ সভাপতি উৰ্খাও গৌৰা ব্ৰহ্ম, গোৰ্খা ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক কিৰন ছেত্ৰী, আগছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক ৰবি প্ৰধান, এনডিএফবি (প্ৰ) ন্যায়িক সম্পাদক বি. ছুডেম, জইন্ট এক্সন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰ আহ্বায়ক গৰ্জন মুছাহাৰীকে ধৰি চাৰিটা সংগঠনৰ বহুকেইজন নেতাই অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰায় সহস্ৰাধিক সমৰ্থকে অংশগ্ৰহণ কৰে।
ইফালে ওদালগুৰিতো পৃথক বড়োলেণ্ডৰ দাবীত আৰু গোৰ্খালেণ্ডৰ সমৰ্থনত জোঁৰ সমদল উলিয়াই এবছু,পিজেএচিবিএম আৰু এন ডি এফ বি(প্ৰ)ৰ কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে। প্ৰতিবাদকাৰীসকলে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, আমি গোৰ্খালেণ্ড সমৰ্থন কৰো ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
সমদলত অংশগ্ৰহণ কৰি এন ডি এফ বি(প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে কয়, "বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পাছতো কেন্দ্ৰীয়-ৰাজ্য উভয় চৰকাৰে বড়োলেণ্ডৰ সমস্যাটোৰ প্ৰতি সহাৰি প্ৰদান কৰা নাই। সেয়েহে পুনৰবাৰ ৰাজপথলৈ আহিবলৈ বাধ্য হৈছো। যদিহে ভাৰতত তেলেংগানা ৰাজ্য হব পাৰে, তেন্তে বড়োলেণ্ড নোহোৱাৰ কাৰণ কি?" উক্ত সমদলত এবছু, পিজেএচিবিএম, ইউ পি পি আৰু এন ডি এফ বি(প্ৰ)ৰ কেইবাগৰাকীও শীৰ্ষ নেতাই অংশগ্ৰহণ কৰে।