গোৰেশ্বৰঃ নানা জাতি, নানা কৃষ্টিৰ মিলন ভূমি এইখন অসম৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ কলা-কৃষ্ঠীৰে গঢ়ি উঠিছে অসমীয়া সংস্কৃতি৷ আৰু বিহু এই সংস্কৃতিৰে এক অনবদ্য অংগ৷ প্ৰতিটো অসমীয়া জাতি-জনগোষ্ঠীৰ বাবে ব’হাগৰ বিহুটো হিয়াৰ আমঠু, ঐক্যতাৰ বোল৷ ব’হাগ আহিলেই প্ৰতিজন অসমীয়াই প্ৰাণ ভৰি নাছে৷ অসমৰ প্ৰতিতো জাতি-জনগোষ্ঠীয়ে বিহুৰ তালে তালে মন প্ৰাণ সঁপি দিয়ে৷
ৰংজালী বৈশাগুত বাগুৰুম্বাৰ চন্দে চন্দে এপাক মন ভৰি নাচিলে বড়ো চিখলাই। বাক্সা জিলাৰ গোৰেশ্বৰত বুধবাৰৰ পৰা বড়ো জনগেষ্টীয় লোকসকলে আয়োজন কৰে ১৭তম্ বিৰগৌশ্ৰী ৰংজালী বৈশাগু উৎসৱ৷