কোকৰাঝাৰঃ সমাজত বৰ্তি থকা ধৰ্মীয় অসহিষ্ণুতা, হিংসা-অসূয়া, অশান্তি-অবিচাৰৰ বিপৰীতে শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অাৰু সমন্বয় ঐক্যৰ ধাৰা প্ৰৱাহিত কৰাৰ এক অনন্য প্ৰচেষ্টাৰ অংশস্বৰূপেই কাইলৈৰ পৰা অৰ্থাৎ ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰৰ বেচৰগাঁৱত অনুষ্ঠিত হ’ব শান্তি অাৰু ঐক্য-সমন্বয়ৰ উৎসৱ।
নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউন্সিলৰ উদ্যোগত কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া শান্তি-সমন্বয়-ঐক্যৰ তিনিদিনীয়া উৎসৱৰ প্ৰস্ততি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ উপৰিও বহি:ৰাজ্যৰ পৰাও অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিক লৈ ইতিমধ্যে উদুলি-মুদুলি হৈ পৰিছে উৎসৱৰ প্ৰাণকেন্দ্ৰ বেচৰগাঁও।