কোকৰাঝাৰঃ অসমত ক্ৰমান্বয়ে শক্তিশালী হৈ উঠিছে নাৰী সৰবৰাহকাৰী চক্ৰ । গাঁৱৰ দুখীয়া-নিচলা বিশেষকৈ জনগোষ্ঠীয় যুৱতীক টাৰ্গেট কৰি লোৱা নাৰী সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি ইতিমধ্যে বহু যুৱতী ধ্বংসৰ গৰাহত পৰাৰ উপৰিও কিছুসংখ্যক যুৱতীয়ে পশ্চিমবংগ, দিল্লীৰ ৰেড লাইট এলেকাৰ অন্ধকাৰময় কোঠাত এক অনিশ্চিত দুৰ্বিষহ জীৱন আঁকোৱালি ল’বলৈ বাধ্য হৈ পৰিছে।
কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অন্তৰ্গত ৰূপনাথপুৰ গাঁওৰ পৰা ২০১৬ চনৰ জুলাই মাহত এগৰাকী ১৪ বছৰীয়া বড়ো নাৱালিকা ছোৱালী নিখোজ হৈছিল । পৰিয়ালৰ সদস্যই বহু ঠাইত বিচাৰ -খোচৰ কৰাৰ অন্তত অৱশেষত যুৱতী গৰাকীক বিচাৰি নাপাই কচুগাঁও থানাত ২০১৬ চনৰ ১২ আগষ্টত এক এজাহাৰ(নং ০৩/১৬ ) দাখিল কৰে । আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৬৬(এ)নম্বৰৰ অধীনত এক গোচৰ ৰজু কৰি তদন্ত অব্যাহত ৰাখে ।